This browser does not support the video element.
সৰ্থেবাৰী: বেছিমাৰী গাঁৱত পিতৃয়ে পাঁচ বছৰীয়া শিশু কন্যাক হত্যা কৰাৰ অভিযোগ, হত্যাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে পিতৃক
Sarthebari, Barpeta | Sep 9, 2025
সৰ্থেবাৰীত পিতৃয়ে পাঁচ বছৰীয়া শিশু কন্যাক হত্যা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে ৷ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ বেছিমাৰী গাঁৱত ৷ নিশা শুই থকা অৱস্থাতে পিতৃয়ে নিজ কন্যা পল্লবী মণ্ডলক হত্যা কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ সুৰাসক্ত পিতৃৰ হাতত কন্যা সন্তানক হত্যাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ সৰ্থেবাৰী অঞ্চল ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাৰ সন্দেহত পিতৃ মনেশ্বৰ মণ্ডলক ৷