This browser does not support the video element.
গোলাঘাট: এজাক বৰষুণতেই কৃত্ৰিম বানপানীত ককবকাইছে কমাৰবন্ধাৰ অৰ্ধ শতাধিক পৰিয়াল,প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ #jansamasya
Golaghat, Golaghat | Sep 7, 2025
এজাক বৰষুণতেই কৃত্ৰিম বানপানীত ককবকাইছে গোলাঘাটৰ কমাৰবন্ধাৰ অৰ্ধ শতাধিক পৰিয়াল l গোলাঘাটত ধোদৰ আলি নিৰ্মাণৰ মাজতেই হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে এটা অঞ্চল। সাধাৰণ এজাক বৰষুণতে বন্ধ হৈ পৰিছে এটা অংগনবাড়ী কেন্দ্ৰ। এই ক্ষেত্ৰত অনুপম কনষ্ট্ৰাকচন কোম্পানীয়ে বিজ্ঞান সন্মত ভাৱে ধোদৰ আলি নিৰ্মাণ নকৰাৰ দেওবাৰে দিনৰ প্ৰায় ২ বজাত অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে l যাৰ ফলত এজাক বৰষুণতে বুৰ গৈছে কমাৰবন্ধা বামুন গাঁওৰ এটা বৃহৎ অঞ্চল।