This browser does not support the video element.
মাটিয়া: গাৰোমাৰী কঠালবাৰী সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলঙে জলা কলা খুৱাইছে সহস্ৰাধিক ৰাইজক
#jansamasya
Matia, Goalpara | Sep 5, 2025
গাৰোমাৰী কঠালবাৰী সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলঙে জলা কলা খুৱাইছে সহস্ৰাধিক ৰাইজক।গোৱালপাৰা জিলাৰ গাৰোমাৰীত এখন জৰাজীৰ্ণ কাঠৰ দলঙে উদঙালে চৰকাৰৰ উন্নয়নৰ ফোপলা স্বৰূপ। শুকুৰবাৰে আবেলি ৫ বজাত এইদৰে ক্ষোভ উজাৰে ৰাইজে।বিগত৩০ বছৰে পকীকৰন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।গোৱালপাৰা পুব সমষ্টিৰ অন্তৰ্গত গাৰোমাৰীৰ পৰা কঠালবাৰী হৈ চেঁচা পানীলৈ যোৱা পথৰ মাজমজিয়াত এখন জৰাজীৰ্ণ কাঠৰ দলঙে জলাকলা খুৱাইছে পথচাৰী সকলক।