This browser does not support the video element.
ওদালগুৰি: কলাইগাঁৱত ড্ৰাম্পাৰ আৰু স্কুটিৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা, দুজন লোক গুৰুতৰ ভাবে আহত
Udalguri, Udalguri | Sep 6, 2025
কলাইগাঁও থানাৰ অন্তৰ্গত চহৰৰ দলঙৰ ওপৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। ঘটনা অনুসৰি মঙলদৈৰ পৰা কলাইগাঁও হৈ টংলা অভিমুখে গৈ থকা ড্ৰাম্পাৰ এখনে স্কুটী এখনক খুন্দা মৰাৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়। ফলত স্কুটী আৰোহী দুজন গুৰুতৰ ভাবে আহত হয়।আহত দুয়োকে ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে দূৰ্ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। লগতে দূৰ্ঘটনাগ্ৰস্ত স্কুটী আৰু ড্ৰাম্পাৰ খন জব্দ কৰে।