This browser does not support the video element.
তিনিচুকীয়া: মাকুম বাই পাছৰ বেতজান চাৰি আলিত পথ দুৰ্ঘটনা, এজন গুৰুতৰ ভাৱে আহত
Tinsukia, Tinsukia | Aug 27, 2025
বুধবাৰে দুপৰীয়া প্রায় ১ মান বজাত মাকুম বাই পাছৰ বেত জান চাৰি আলিত পথ দুৰ্ঘটনা । মাকুমৰ পৰা তিনিচুকীয়া অভিমুখী AS 23 CC3135 নম্বৰৰ এখন বিক্ৰম বাহন আৰু মৰাণৰ পৰা অৰুণাচল অভিমুখী AS 04V9014 নম্বৰৰ এখন ইগনিছ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত বিক্ৰম বাহন খনৰ আৰোহী এজন গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় । ঘটনাস্থলীত মাকুম থানা ৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।