This browser does not support the video element.
ওদালগুৰি: কলাইগাঁৱত কালী মন্দিৰৰ নৱ নিৰ্মিত ভড়াল গৃহ শুভ উদ্বোধন কৰি ৰাইজৰ সতে মত বিনিময় কৰে বিধায়ক দূৰ্গাদাস বড়োয়ে
Udalguri, Udalguri | Jun 29, 2025
জিলা খনৰ কলাইগাঁৱৰ সমীপৰ বেলতলি কালী মন্দিৰৰ নৱ নিৰ্মিত ভড়াল গৃহ এটিৰ শুভ উদ্বোধন কৰা হয়। বিধায়ক পুঁজিৰ অধীনত প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে উক্ত ভড়াল গৃহটো নিৰ্মাণ কৰা হয়। আনহাতে উক্ত নৱ নিৰ্মিত ভড়াল গৃহটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিধায়ক দূৰ্গাদাস বড়োয়ে। ইপিনে উক্ত সময় চোৱাত বিধায়ক গৰাকীৰ সতে যুৱ বিপিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিচিত্ৰ বৰুৱা প্ৰমুখ্যে দলীয় কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে