বঙাইগাঁওৰ দলাইগাঁওস্তিত শিক্ষা ভৱনত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত ৬৪ সংখ্যক শিক্ষক দিৱস পালন কৰা হয়।আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী,জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, জিলা শিক্ষা বিষয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰা হয় আজিৰ এই অনুষ্ঠান।