This browser does not support the video element.
বাক্সা: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন,মানাহৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশৰ অংশগ্রহণ
Baska, Baksa | Aug 12, 2025
বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰত আজি বিশ্ব হস্তী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মানাহ বন বিভাগৰ উদ্যোগত মানাহৰ পোহনীয়া হাতীসমূহক কল, আপেল, কুঁহিয়াৰ, বুট আদি ভিন্ন খাদ্য আগবঢ়োৱাৰ লগতে হাতীৰ মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়।আজিৰ কাৰ্যসূচীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশ, উপ ক্ষেত্র সঞ্চালক ড০ শশীধৰ ৰেড্ডী আদিয়ে অংশগ্রহণ কৰে।