This browser does not support the video element.
বৰপেটা: বৰপেটা-হাউলী পথৰ SP বাংলোৰ সমীপত পথৰ ওপৰত গছৰ বৃহৎ ডাল ভাঙি পৰাৰ ফলত পথটোৰে যাতায়াত ব্যাহত
Barpeta, Barpeta | Aug 27, 2025
বৰপেটাৰ সদাব্যস্ত ৰাজপথত ভয়ংকৰ ঘটনা। পথৰ ওপৰতে ভাঙি পৰিল গছৰ বৃহৎ ডাল। বৰপেটা-হাউলী পথৰ SP বাংলোৰ সমীপত পথৰ ওপৰত গছৰ বৃহৎ ডাল ভাঙি পৰাৰ ফলত পথটোৰে যাতায়াত ব্যাহত। গছৰ ডালটো ভাঙি পৰাৰ ফলত এখন ট্ৰেইলাৰৰ চালক আৰু হেণ্ডিমেনগৰাকী আহত হয়। স্থানীয় লোকে আৰক্ষীৰ সহযোগত দুয়োকে বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ নি চিকিৎসা প্ৰদান কৰে । পথৰ ওপৰত ওলমি থকা ডালটোত এখন ১৮ চকীয়া ট্ৰেইলাৰৰ অংশ লাগি ধৰাৰ ফলত গছৰ ডালটো ভাঙি পৰে।