This browser does not support the video element.
বালিজানা: পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়
Balijana, Goalpara | Sep 6, 2025
পঞ্চৰত্নৰ নৰনাৰায়ণ সেতুৰ কাষত ব্ৰহ্মপুত্ৰত হাত ভৰি বন্ধা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মাছ মৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত পঞ্চৰত্ন আৰক্ষীক খবৰ দিয়ে। পিছত ঘটনাস্থলীত পঞ্চৰত্ন নদী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। প্ৰাথমিক তদন্তত মহিলা গৰাকীক হত্যা কৰি হাত ভৰি বান্ধি নৰনাৰায়ণ সেতুৰ পৰা পেলাই দিয়াৰ সন্দেহ কৰা হৈছে। মৃতদেহটো চিনাক্ত হোৱা নাই যদিও আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।