This browser does not support the video element.
লক্ষীপুৰ: ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষক দিৱস উপলক্ষে কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়
Lakhipur, Goalpara | Sep 5, 2025
ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জলেশ্বৰ সমষ্টিৰ সচেতন যুৱ ও ছাত্ৰ মঞ্চৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষে কৃতি শিক্ষকক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ তিনি গৰাকী কৃতি শিক্ষকক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।লগতে ভালেসংখ্যক চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয়।জলেশ্বৰ সমষ্টিৰ সচেতন যুৱ ও ছাত্ৰ মঞ্চৰ সভাপতি শ্বৰীফ আমিন আহমেদৰ সভাপতিত্বত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়।