This browser does not support the video element.
মৰিগাঁও: জাগীৰোডৰ বহা-বৰজাৰীত শোকাৱহ ট্ৰেক্টৰ দুৰ্ঘটনা, ট্ৰেক্টৰ তলত পৰি ঠাইতে নিহত দুজন
Marigaon, Morigaon | Sep 6, 2025
বহা-বৰজাৰীৰ সংঘটিত হয় এক শোকাৱহ ট্ৰেক্টৰ দুৰ্ঘটনা। ট্ৰেক্টৰ তলত পৰি ঠাইতে নিহত হয় ৬১ বছৰীয়া প্ৰদীপ ভৰালী আৰু ২২ বছৰীয়া ভোলা মল্লাহ। মাটি চহাই থকা অৱস্থাত খাৱৈত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় ট্ৰেক্টৰখন। অতৰ্কিতে হোৱা এই দুৰ্ঘটনাত ট্ৰেক্টৰখনে দুয়োগৰাকী লোকক হেঁচি ধৰাৰ ফলত থিতাতে প্ৰাণ যায় মাটিৰ গৰাকী প্ৰদীপ ভৰালী আৰু সহযোগী ভোলা মল্লাহৰ। ৰাইজৰ খবৰৰ ভিত্তিত পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।