Download Now Banner

This browser does not support the video element.

বৰপেটা: বৰপেটা সত্ৰত মাধৱদেৱৰ কীৰ্তন মহোৎসৱ পালন, কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা

Barpeta, Barpeta | Sep 12, 2025
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শুক্ৰবাৰে মহাসমাৰোহেৰে পালন কৰা হয় মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি ৷ বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷ কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত অগনন ভক্ত বৈষ্ণৱৰ সমাগম হয় ৷ গুৰুজনাৰ প্ৰতি সেৱা জনোৱাৰ বাবে পুৱাৰে পৰাই সত্ৰত ভীৰ কৰে ভক্তসকলে ৷ পুৱাৰ পৰাই সত্ৰত অনুষ্ঠিত হয় নাম প্ৰসংগ ৷ কৃষ্ণ নাম ধ্বনিৰ ৰসেৰে মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷
Read More News
T & CPrivacy PolicyContact Us