Download Now Banner

This browser does not support the video element.

মাটিয়া: হাৰিমুৰাত দুদিন ধৰি বিদ্যুত সেৱা ব্যাহত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ

Matia, Goalpara | Aug 24, 2025
হাৰিমুৰাত দুদিন ধৰি বিদ্যুত সেৱা ব্যাহত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ ৷ শনিবাৰে সন্ধিয়াৰে পৰা বিদ্যুত সেৱা ব্যাহত হৈ পৰিছে হাৰিমুৰাৰ বৃহত্তৰ অঞ্চলত ৷ শনিবাৰে সন্ধিয়া অহা প্ৰচণ্ড বতাহ-বৰষুণত মাগুৰমাৰী খেতিপথাৰত ১১ হাজাৰ ভল্টৰ বিদ্যুত খুঁটা উভালি পৰাৰ লগতে তাঁৰ ছিঙি যায় ৷ ফলত বৃহত্তৰ হাৰিমুৰা অঞ্চলত বিদ্যুত সেৱা ব্যাহত হৈ পৰিছে ৷ ফলত ৰাইজৰ মাজত হাহাকাৰ লাগিছে ৷ সেয়েহে, অতি সোনকালে বিদ্যুতৰ খুঁটা লগাই বিদ্যুত সেৱা যোগান ধৰিবলৈ দাবী জনায়।
Read More News
T & CPrivacy PolicyContact Us