This browser does not support the video element.
বঙাইগাঁও ভাগ: অবৈধ বিদেশী বহিস্কাৰৰ দাবীত বঙাইগাঁও শ্বহীদ ভৱনৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ন কৰে ১১ ঘন্টীয়া অনশন
Bongaigaon Part, Bongaigaon | Sep 4, 2025
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰূপায়ন কৰা হয় ১১ ঘন্টীয়া অনশন । বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বঙাইগাঁও শ্বহীদ ভৱনৰ সন্মুখত ৰূপায়ন কৰে অনশন কাৰ্যসূচী। অবৈধ বিদেশী বহিস্কাৰ, মৌলবাদী শক্তি উৎখাত, 'কা'ৰ আওতাৰ পৰা অসমক বাহিৰত ৰখাৰ দাবীৰ লগতে অসম চুক্তিৰ ৬ নং দফাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ দাবীৰে ১১ ঘন্টীয়া অনশন প্ৰতিবাদ সাব্যস্ত কৰে বঙাইগাঁও জিলা ছাত্ৰ সন্থাই।