This browser does not support the video element.
তিনিচুকীয়া: মাকুমত মৰাণ জনগণৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী অব্যাহত,
Tinsukia, Tinsukia | Sep 25, 2025
মৰাণ জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত তিনিচুকীয়া জিলাৰ মাকুমত অৰ্থনৈতিক অৱৰোধৰ আজি বৃহস্পতিবাৰে ১২ দিনত ভৰি দিছে । প্রতিটো দিনে নিশাই অবিৰতভাৱে জনগোষ্ঠীটোৱে জন্ম স্বত্ব অধিকাৰ বিচাৰি অব্যাহত ৰাখিছে প্ৰতিবাদ । নিশা ১১ বজাত অৱৰোধ স্থলীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা মৰাণ জনগণৰ প্ৰায় ৪ শতাধিক লোকৰ উপস্থিতি দেখিবলৈ পোৱা যায় ।