This browser does not support the video element.
চেঙা: চেঙা সমষ্টিৰ ৰৌমাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া, অগপ নেতা আব্দুল ৰহমানৰ গৰাহখনিয়া পৰিদৰ্শন
Chenga, Barpeta | Sep 13, 2025
চেঙা সমষ্টিৰ ৰৌমাৰী গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়া । আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । অনিদ্ৰাত পাৰ কৰিবলগীয়া হৈছে প্ৰতিটো নিশা । ব্ৰহ্মপুত্ৰৰ কালৰূপত প্ৰায় চল্লিশটাৰ অধিক পৰিয়ালৰ বাসগৃহ স্থানান্তৰ কৰিবলগীয়া হৈছে । গৰাখহনীয়াত জাহ গৈছে মাটি-ভেটি । হাজাৰ হাজাৰ কৃষিভূমিও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে । উপায়হীন হৈ পৰিছে ৰৌমাৰী গাঁৱৰ নৈপৰীয়া ৰাইজ । শনিবাৰে ৰৌমাৰীত অগপ নেতা আব্দুল ৰহমান উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন কৰে ৷