Download Now Banner

This browser does not support the video element.

বৰপেটা: বৰপেটা চহৰৰ মেটুৱাকুছিত এজন যুৱকৰ আক্ৰমণত এগৰাকী মহিলা নিহত

Barpeta, Barpeta | Sep 9, 2025
নিহত মহিলাগৰাকীৰ নাম জয়মতী দাস। যুৱকজনে মহিলাগৰাকীৰ ঘৰত প্ৰবেশ কৰি চুৰিৰে উপৰ্যুপৰি কৰা আক্ৰমণৰ ফলত মহিলাগৰাকী থিতাতে নিহত হয়। ইপিনে যুৱকজনৰ আক্ৰমণত মহিলা গৰাকীৰ যুৱতী কন্যাও গুৰুতৰভাৱে আহত হয়। আহত যুৱতী গৰাকীৰ নাম ভানুশ্ৰী দাস। যুৱকজনৰ চুৰিকাঘাটত আহত যুৱতী গৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছে। ইপিনে মাতৃ-কন্যাক চুৰিৰে আক্ৰমণ কৰা যুৱকজনক স্থানীয় লোকে খেদি খেদি আটক কৰে । ৰাইজৰ প্ৰহাৰ আহত যুৱকজনক পিচত আৰক্ষীয়ে বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰে
Read More News
T & CPrivacy PolicyContact Us