This browser does not support the video element.
সৰ্থেবাৰী: সৰ্থেবাৰীত দুৰ্বৃত্তই মীন মহলত ঢালিলে বিষ, প্ৰায় ১০ লাখ টকাৰ ক্ষতি, থানাত এজাহাৰ দাখিল
Sarthebari, Barpeta | Jul 2, 2025
সৰ্থেবাৰী আৰক্ষী থানাৰ সমীপৰ মীন মহলত দুৰ্বৃত্তই বিষ ঢালি বৃহৎ পৰিমাণৰ মাছ হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। মীন পালক ৰাব্বল হুছেইনৰ মীন মহলৰ তিনিটা বৃহৎ পুখুৰীত বিষ দিয়াৰ ফলত কুন্টলে কুন্টলে মাছ মৰিছে। ফলত মীন মহলত অৱৰ্ণনীয় পৰিস্থিতি সৃষ্টি হৈছে।ঘটনাস্থলীৰ পৰা মীন পালকে ১১ টাকৈ বিষাক্ত ৰাসায়নিক ঔষধৰ টেমা উদ্ধাৰ কৰিছে। মীন পালকে প্ৰকাশ কৰিছে যে, বিষ দিয়াৰ ফলত প্ৰায় ১০ লাখ টকাৰ ক্ষতি হৈছে। উক্ত ঘটনাটোক গৰিহণা জনায় স্থানীয় প্ৰকৃতি প্ৰেমীসকলে।