This browser does not support the video element.
পশ্চিম যোৰহাট: ৰাজমাও পুখুৰীত পানীত ওপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ
Jorhat West, Jorhat | Sep 9, 2025
যোৰহাটৰ ৰাজমাও পুখুৰীত পানীত উপঙি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ । আজি পুৱা মৃতদেহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে। মৃত ব্যক্তি জন জেইল ৰোডৰ অনন্ত শইকীয়া বুলি জানিব পৰা গৈছে । সোমবাৰে নিশা ১০ বজাৰ পৰা ব্যক্তি জন ঘৰৰ পৰা নোহোৱা হৈ আছিল । পৰিয়ালে নিশাই আৰক্ষীক সন্ধানহীন হোৱাৰ খবৰ দিছিল । আৰু আজি পুৱাই এনেদৰে উদ্ধাৰ হৈছে মৃতদেহ ।