This browser does not support the video element.
বাক্সা: বাৰেঙাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত তিনিজন
Baska, Baksa | Aug 9, 2025
বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ বাৰেঙাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।তীব্ৰবেগী ইনোভা চাৰিচকীয়া বাহনে মহতিয়াই নিলে এখন ই-ৰিক্সা। এই দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাখনত থকা তিনিজনকৈ লোক গুৰুতৰভাৱে আহত। আহত তিনিওজনকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। আহত লোক তিনিজন কেশৱ নাথ, শংকৰ বসুমতাৰী , গীতা উৰাং বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।