শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে চাউলকৰাকে আদি কৰি বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি মত বিনিময় কৰে জনসাধাৰণৰ সতে । জাতীয় জাগৰণ যাত্ৰাৰ কাৰ্যসূচী ৰূপায়িত কৰি বিধায়ক গৰাকীয়ে পৰিদৰ্শন কৰে সমষ্টিৰ বিভিন্ন অঞ্চল । অন্যহাতে এখন প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয় খনৰ কম কণ ছাত্ৰ ছাত্ৰীৰ সতে মত বিনিময় কৰে ।