This browser does not support the video element.
বঙাইগাঁও ভাগ: বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰতিকূল বতৰক নেওচি শ শ আবৃত্তিকাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক গভীৰ শ্ৰদ্ধাঞ্জলি
Bongaigaon Part, Bongaigaon | Sep 7, 2025
দেওবাৰে বঙাইগাঁও বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰতিকূল বতৰক নেওচি শ শ আবৃত্তিকাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাক জন্ম-শতবৰ্ষত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । পতাকা উত্তোলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত হৈ স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্রতিছবিত দ্বীপ প্ৰজ্বলন কৰে । অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ৰাজ্যৰ ৩২ খন জিলাত ১১.৩১ বাজিত একেলগে একেটা সময়তে আবৃত্তিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন বৰেণ্য মহামানৱ গৰাকীক ।