This browser does not support the video element.
সৰুপথাৰ: বৰপথাৰ নগৰৰ ৮ নং ৱাৰ্ডত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা,পদূলিৰ সন্মুখতে হাতীৰ গছকত প্ৰাণ গ'ল এগৰাকীৰ, গুৰুতৰ ভাৱে আহত আন এজন
Sarupathar, Golaghat | Sep 3, 2025
বৰপথাৰ নগৰৰ ৮ নং ৱাৰ্ডত বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা। পদূলিৰ সন্মুখতে হাতীৰ গছকত প্ৰাণ গ'ল শ্বেফালী দেৱনাথ নামৰ এগৰাকী ৭৪ বছৰীয়া বৃদ্ধাৰ গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে বাবুল পাল নামৰ আন এগৰাকী বৃদ্ধ ব্যক্তি। জানিব পৰা মতে কাৰ্বি আংলং জিলাৰ দেওপানী ফালৰ পৰা অহা প্ৰায় ১২জনীয়া হাতীৰ জাকৰ পৰা এটা হাতী ফালৰি কাটি আহি আক্ৰমণ কৰে দুয়োকে। ইতিমধ্যে আঘাতপ্ৰাপ্ত ব্যক্তিজনক তাৎক্ষণিকভাৱে সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে।