This browser does not support the video element.
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য মেলাৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয
Balijana, Goalpara | Aug 22, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধানসভা সমষ্টি ভিত্তিক মেগা স্বাস্থ্য মেলাৰ প্ৰস্তুতি সভা অনুষ্ঠিত হয়। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি গোৱালপাৰা জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত চাৰিটা বৃহৎ স্বাস্থ্য মেলাৰ অনুষ্ঠিত কৰাৰ বাবে আজি জিলা আয়ুক্ত প্ৰদীপ টিমুংৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাব উদ্দিন মোল্লা , পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰশিদ মণ্ডল , পূব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে উপস্থিত থাকে