This browser does not support the video element.
চাবুৱা: মণ্টফৰ্ট স্কুলৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনা, ৰেলৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী
Chabua, Dibrugarh | Sep 3, 2025
চাবুৱাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। চাবুৱাৰ মণ্টফৰ্ট স্কুলৰ সন্মুখত ৰেলৰ খুন্দাত থিতাতে নিহত হয় এজন বাইক আৰোহী। ৰেলৰ খুন্দাত চিন্ন বিচ্ছিন্ন হয় বাইক আৰুহী গৰাকী। ঘটনাতো সংঘটিত হৈছে আজি বুধবাৰে নিশা ৯ বজাত। উল্লেখযোগ্য যে, AS06AM7681 নম্বৰৰ মটৰচাইকেল খনে বালিজানৰ চাইডিঙত ৰেল লাইন পাৰ হ'বলৈ লওঁতেই সংঘটিত হয় এই ভয়ংকৰ ঘটনাতো।