This browser does not support the video element.
মৰিগাঁও: ভূৰাগাঁও আৰক্ষীয়ে বালিপাৰা জংঘলৰ পৰা তিনি কেজি গাঁঞ্জা সহ কৰায়ত্ত কৰিছে দুই সৰ্বৰাহকাৰীক
Marigaon, Morigaon | Sep 12, 2025
ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজ তেৰণৰ নেতৃত্বত অভিযান চলাই আৰক্ষীয়ে বালিপাৰা জংঘলৰ পৰা তিনি কেজি গাঁঞ্জা সহ দুই সৰ্বৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কৰায়ত্ত কৰা দুই সৰ্বৰাহকাৰী হৈছে চুলেমান আলী আৰু অৰ্নেচ আলী। আৰক্ষীয়ে চুলেমান আলীৰ ঘৰৰ পৰা গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান দুয়োটা গাঞ্জা সৰ্বৰাহকাৰীক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।