Download Now Banner

This browser does not support the video element.

চেঙা: মাজদিয়াত ভয়াবহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাটোত এগৰাকী বৃদ্ধাৰ মৃত্যু

Chenga, Barpeta | Sep 5, 2025
চেঙাৰ মাজদিয়াত ভয়াবহ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছৰ খুন্দাত মৃত্যু হয় এগৰাকী বৃদ্ধাৰ। গুৱাহাটীৰ পৰা বৰপেটা অভিমুখী AS-13AC-1766 নম্বৰৰ যাত্ৰীবাহী বাছখনে পথচাৰী বৃদ্ধাগৰাকীক খুন্দিয়াই দিয়াৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় মাজদিয়া আৰক্ষী চকীৰ এটি আৰক্ষীৰ দল । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বৃদ্ধাগৰাকীক সংকটজনক অৱস্থাত মাজদিয়া আৰক্ষীয়ে চেঙা আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে বৃদ্ধাগৰাকীক।
Read More News
T & CPrivacy PolicyContact Us