This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি ঢেকীয়াজুলি থানাত জেৰা অব্যাহত
Dhekiajuli Part, Sonitpur | Sep 10, 2025
PVC চাৰ্টিফিকেট জালিয়াতি কৰাৰ অভিযোগত এগৰাকী যুৱকক আটক কৰি বুধবাৰে দিনৰ ১২ বজাত ঢেকীয়াজুলি থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে ঢেকীয়াজুলি আৰক্ষী থানা এলেকাৰ পদ্মবিল গাঁৱৰ এগৰাকী যুৱকে আৰক্ষী অধীকক্ষকৰ কাৰ্যালয়ৰ চহি জালিয়াতি কৰি PVC চাৰ্টিফিকেট প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে ৷ সেয়েহে তদন্তৰ বাবে যুৱকজনক আটক কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷