This browser does not support the video element.
মাৰ্ঘেৰিটা: খাৰ জান পুলৰ পেট্ৰল পাম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ,দুজন গুৰুতৰভাৱে আহত
Margherita, Tinsukia | Aug 25, 2025
খাৰ জান পুলৰ পেট্ৰল পাম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা ,দুজন গুৰুতৰভাৱে আহত । সোমবাৰে বিয়লি প্রায় ৪ মান বজাত ডিগবৈ থানাৰ অন্তৰ্গত খাৰ জান পুলৰ পেট্ৰল পাম্পৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন বাইক আৰু AR 20A4000 নম্বৰৰ চাৰিচকীয়া বাহনৰ মাজত দুৰ্ঘটনাটো সংঘটিত হয় । পথ দুৰ্ঘটনাৰ ফলত বাইকত থকা দুজন আৰোহী গুৰুতৰ ভাৱে আহত হয় বুলি জানিবলৈ পৰা গৈছে । ইপিনে চাৰিচকীয়া বাহন খন পথাৰৰ খাৱৈত সোমাই পৰে যদিও বাহন খনৰ ভিতৰত থকা কোনো লোক আহত হোৱা নাই বুলি জানিবলৈ পৰা গৈছে ।