This browser does not support the video element.
বৰপেটা: জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনত ১১ ঘণ্টীয়া অনশন, অবৈধ বাংলাদেশী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ দাবী
Barpeta, Barpeta | Sep 4, 2025
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে বৰপেটাৰ শ্বহীদ ভৱনত ১১ ঘণ্টীয়া এক অনশন কাৰ্যসূচী পালন কৰে।অনশনৰ মূল দাবী হল অসমৰ পৰা অবৈধ বাংলাদেশী আৰু মৌলবাদীক উৎখাত কৰা, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ, ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা, সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ জাৰি কৰা আৰু নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে মুক্ত কৰা।