This browser does not support the video element.
বৰপেটা: CAA ৰ বিৰুদ্ধে বৰপেটা চহৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
Barpeta, Barpeta | Sep 9, 2025
বীৰ লাচিত সেনাৰ বৰপেটা জিলা সমিতিয়ে বৰপেটা চহৰত প্ৰতিবাদী সমদল উলিয়াই CAA আইন বাতিলৰ দাবী জনায়। সংগঠনটোৱে বৰপেটা চহৰৰ মাজেৰে এক সমদল উলিয়াই জিলা আযুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত বিদেশী নাগৰিকক স্বদেশী কৰাৰ যি প্ৰক্ৰিয়া কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰিছে ই অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কেতিয়াও গ্রহণযোগ্য নহয় বুলি প্ৰকাশ কৰে।