শনিবাৰে বিয়লি প্রায় ৪ বজাত মাকুমৰ সাহেব পট্টি মক্তৱৰ প্ৰাঙ্গনত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । সভাখনৰ সভাপতিত্ব কৰে তিনিচুকীয়াৰ বিশিষ্ট অধিবক্তা ইমতিয়াজ খানে । তদুপৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিৰুল ইছলাম বড়া ,সাধাৰণ সম্পাদক চামচুল হুছেইন ,সহকাৰী সাধাৰণ সম্পাদক দাদুল আলি,কাৰ্যালয় সম্পাদক চিৰাজুদ্দিন আহমেদৰ লগতে কেইবাখনো জিলাৰ বহু বিশিষ্ট জন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।