This browser does not support the video element.
বৰপেটা: জুবিন হত্যাৰ ন্যায় বিচাৰি বিকলাংগ সন্থাৰ বৰপেটা সদৰ থানাত এজাহাৰ
Barpeta, Barpeta | Sep 27, 2025
এইবাৰ জুবিন হত্যাৰ ন্যায় বিচাৰি থানা পালে একাংশ বিশেষ ভাৱে সক্ষম ব্যক্তিয়ে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া কৰি কাদং বিকলাংগ সন্থাৰ এজাহাৰ৷ জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলে ললে এই সিদ্ধান্ত ৷ কুৰিগৰাকীতকৈ অধিক বিশেষ ভাৱে সক্ষম লোকে বেনাৰ লৈ সমদলেৰে আহি বৰপেটা সদৰ থানাত দাখিল কৰে এজাহাৰ৷ আৰক্ষীয়ে তেখেত সকলৰ এজাহাৰ গ্ৰহন কৰে আৰু সাক্ষ্য গ্ৰহণ কৰে৷ উপযুক্ত ন্যায় নাপালে গণতান্ত্ৰিক আন্দোলন চলাব বুলিও সম্পাদক আমিনুল হকে জানিবলৈ দিয়ে