This browser does not support the video element.
ওদালগুৰি: ওৰুঙাজুলিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, উপস্থিত থাকে প্ৰাক্তন ইএম সঞ্জীত তান্তী
Udalguri, Udalguri | Sep 7, 2025
সমাগত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। ইতিমধ্যে দলৰ প্ৰাৰ্থী সকলে মনোনয়ন পত্ৰ দাখিল কৰি নামি পৰিছে নিৰ্বাচনী প্ৰচাৰ সভাত।সকলো ৰাজনৈতিক দলে সভা সমিতি অনুষ্ঠিত কৰি ভোটাৰৰ কাষ চাপিবলৈ আৰম্ভ কৰিছে। সেইদৰে জিলা খনৰ ওৰুঙাজুলিত মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা। উক্ত সভাত বিটিচিৰ প্ৰাক্তন ইএম সঞ্জীত তান্তীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।