This browser does not support the video element.
বোকাখাত: হালধিবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত এজন,সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ
Bokakhat, Golaghat | Sep 12, 2025
কাজিৰঙাৰ হালধিবাৰীত শুক্ৰবাৰে বিয়লি প্ৰায় ৫.৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত এজন। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। জানিব পৰা মতে, তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অস্থায়ী বনকৰ্মী নিখিল কুৰ্মী। ততাতৈয়াকৈ কুৰ্মীক স্থানীয় কঁহৰা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰে।