This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত ঠিকা শ্ৰমিকসকলৰ কেইবাটাও দাবীত উত্তাল প্ৰতিবাদ
Margherita, Tinsukia | Sep 12, 2025
শুকুৰবাৰে বিয়লি প্ৰায় ৫ বজাত ডিগবৈত ঠিকা শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতীয় তেল নিগম,অসম তেল সংমণ্ডলৰ চিভিল টাউনশ্বীপৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ভাৰতীয় ঠিকা মজদুৰ ইউনিয়নৰ ঠিকা শ্ৰমিক সকলে এগৰাকী শ্ৰমিক দুৰ্ঘটনাত পতিত হোৱাত চিকিৎসা সেৱা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে । লগতে শ্ৰমিকৰ উপৰত শোষণ নীতি বন্ধ কৰাৰো দাবী উত্থাপন কৰে ঠিকা শ্ৰমিকসকলে ।