This browser does not support the video element.
বঙাইগাঁও ভাগ: বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত দুৰ্গাপূজা কমিটী সৈতে প্ৰশাসনৰ সভা, পূজা কমিটীক CCTV স্থাপন কৰিবলৈ নিৰ্দেশনা
Bongaigaon Part, Bongaigaon | Sep 4, 2025
আগন্তুক দুৰ্গাপূজা সুকলমে পাৰ কৰিবলৈ জিলা প্ৰশাসনে বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ত পূজা কমিটীসমূহৰ সৈতে সভাত মিলিত হয় । জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনা, ,সমজিলা আৰক্ষী অধীক্ষক অনুপ বৰা ,সহকাৰী আয়ুক্ত মূৰ্চ্চনা মালাকাৰ আৰু অন্যান্য বিষয়া উপস্থিত থাকে। সভাত জিলা আয়ুক্ত নৱদ্বীপ পাঠক আৰু আৰক্ষী অধীক্ষক মোহন লাল মীনাই কমিটীসমূহক পূজা মণ্ডপত চি চি টিভি কেমেৰা পৰ্যাপ্ত সংখ্যক স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।