This browser does not support the video element.
বৰপেটা: শিক্ষক দিৱস উপলক্ষে সৰুক্ষেত্ৰীৰ ৩৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ বিধায়ক জাকিৰ হুছেইন শিকদাৰে জনালে সম্বৰ্ধনা
Barpeta, Barpeta | Sep 5, 2025
সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ব্যতিক্ৰমী প্ৰয়াস। পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে ৩৫ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ ঘৰে ঘৰে গৈ জনালে সম্বৰ্ধনা। পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত লাচাংগা, গুইলেজা আদি পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষক সকলক ঘৰে ঘৰে গৈ ফুলাম গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায়। অঞ্চলটোৰ আনোৱাৰ হুছেইন, ময়েজ উদ্দিন আহমেদ, নুৰুল ইছলাম, হজৰত আলী আহমেদ, মাজিদুৰ ৰহমান, আলহাজ আব্দুল মালেক আদি কৰি কেইবাজনো জেষ্ঠ শিক্ষকক সম্বৰ্ধনা জনায় ৷