শ্ৰীমন্ত শংকৰদেৱৰ একনিষ্ঠা সেৱিকা সতী ৰাধিকা শান্তীৰ ৫৬৯ সংখ্যক জন্মোৎসৱ ৰবিবাৰে বৰপেটাৰ ভকতপাৰাত পালন কৰা হয় ৷ ৰাধিকা শান্তীৰ ৫৬৯ সংখ্যক জন্মোৎসৱ উপলক্ষে ভকত পাৰাত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ৰাধিকা শান্তীৰ ৫৬৯ সংখ্যক জন্মোৎসৱ উপলক্ষে ভকতপাৰাৰ পৰা বৰপেটা চহৰৰ মাজেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সাংস্কৃতিক শোভাযাত্ৰাখন বৰপেটা চহৰৰ মুখ্য পথ সমুহ পৰিভ্ৰমণ কৰি ভকতপাৰাত সামৰণি পৰে ৷