This browser does not support the video element.
বালিজানা: গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ ১১ ঘণ্টীয়া অনশন
Balijana, Goalpara | Sep 4, 2025
গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আছুৰ ১১ ঘণ্টীয়া অনশন। গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখ্যাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত ১১ ঘণ্টীয়া অনশন পালন কৰা হয়। অনশন কাৰ্যসূচীৰ জৰিয়তে অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদী উৎখ্যাত কৰা,অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰূপায়ন কৰা,ভাৰত বাংলা সীমান্ত চীল কৰা, সীমান্তত দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰ দাবী জনায়।