This browser does not support the video element.
মৰিগাঁও: তিৱা স্বায়ত্ব পৰিষদৰ পুঁজিৰে নিৰ্মাণ সম্পন্ন হোৱা পাৰজাৰি শিৱ মন্দিৰৰ শুভ উদ্বোধন কৰিলে TAC ৰ CEM জীৱন চন্দ্ৰ কোঁৱৰে
Marigaon, Morigaon | Sep 26, 2025
তিৱা স্বায়ত্ব পৰিষদৰ আৱণ্টিত পুঁজিৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা মৰিগাঁও বিধানসভা সমষ্টিৰ দীঘলবড়ী গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলবড়ী পাৰজাৰীৰ শিৱ মন্দিৰ মণিকূট গৃহভাগ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে। মন্দিৰ ভাগ উদ্বোধন কৰি কাৰ্য্যবাহী সদস্য গৰাকীয়ে ৰাইজৰ আশীৰ্বাদ গ্ৰহন কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। আজিৰ এই পৱিত্ৰ অনুষ্ঠানভাগত ভক্তপ্ৰাণ ৰাইজৰ লগতে উপস্থিত থাকে দীঘলবড়ী গাঁও পঞ্চায়তৰ সভানেত্ৰী।