Download Now Banner

This browser does not support the video element.

বৰপেটা: বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ অভিযান, ঘোচ লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডল

Barpeta, Barpeta | Aug 1, 2025
বৰপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ অভিযান ৷ ৩ হাজাৰ ৫০০ টকা ঘোচ লৈ হাতে লোটে ধৰা পৰিল লাট মণ্ডল ৷ ধৃত লাট মণ্ডলজনৰ নাম আনোৱাৰ হুছেইন ৷ কয়াকুছিৰ খাবলাৰভিঠা গাওৰ আব্দুল বাতেন নামৰ এজন ব্যক্তিৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে মণ্ডল আনোৱাৰ হুছেইনে দাবী কৰিছিল বিশ হেজাৰ টকা উৎকোচ ৷ শুক্ৰবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ৩৫০০ টকা উৎকোচ লৈছিল মণ্ডল আনোৱাৰ হুছেইনে ৷ উৎকোচৰ ধন লোৱাৰ লগে লগে দুৰ্নীতি নিবাৰক তদাৰকী শাখাৰ এটা দলে হাতে লোটে ধৰে ৷
Read More News
T & CPrivacy PolicyContact Us