This browser does not support the video element.
মাটিয়া: বন বিভাগে অভিযান চলাই খাৰদাঙৰ মংৰেত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে
Matia, Goalpara | Sep 9, 2025
বন বিভাগে অভিযান চলাই খাৰদাঙৰ মংৰেত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিষয়া দেৱব্ৰত শৰ্মাৰ নেতৃত্বত এদল বনৰক্ষী তথা বনপালকে কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় ৷ এই অভিযানত খাৰদাঙৰ মংৰেত এটা অবৈধ কাঠফলা মিলৰ ঘাটি উচ্ছেদ কৰাৰ লগতে মিলত কাঠ ফালিবলৈ মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ শাল, চেগুণ গছৰ কুণ্ডা আৰু কাঠ জব্দ কৰে ৷