Download Now Banner

This browser does not support the video element.

বৰপেটা: সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰােভাৱ তিথি পালন, সত্ৰত নাম-প্ৰসংগ

Barpeta, Barpeta | Aug 25, 2025
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি মহোৎসৱ গুৰুজনাৰ একান্ত শিষ্য মাধৱদেৱ গুৰুৱে স্থাপন কৰা ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পালন কৰা হয় ৷ সম্পূৰ্ণ সত্ৰীয়া ৰীতি পৰম্পৰাৰে বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰ পৰাই বৰপেটা সত্ৰত ভক্তসকলে গুৰুজনাৰ প্ৰতি সেৱা আগবঢ়োৱাৰ লগতে সত্ৰত পালিত নাম প্ৰসঙ্গত অংশগ্ৰহন কৰে ৷ বৰপেটা সত্ৰত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটো কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷
Read More News
T & CPrivacy PolicyContact Us