This browser does not support the video element.
ওদালগুৰি: কলাইগাঁওত সংঘটিত হয় বাইক দূৰ্ঘটনা,এজন আহত, আৰক্ষীৰ উপস্থিত আহত লোক জনক চিকিৎসালয়লৈ প্ৰেৰণ
Udalguri, Udalguri | Oct 9, 2025
জিলা খনৰ কলাইগাঁও চহৰৰ মাজমজিয়াত সন্ধিয়া এক বাইক দূৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাৰ ফলত অঞ্চলটো যানজোটৰ সৃষ্টি হয়। ঘটনা অনুসৰি কবিৰালি পৰা কলাইগাওঁ অভিমুখে আহি থকা AS27H5438 নম্বৰৰ বাইকৰ চালক গৰাকীয়ে হথাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰে।ফলৰ বাইক আৰোহী এগৰাকী কিছু পৰিমানে আহত হয়। ইপিনে দূৰ্ঘটনা স্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি আহত লোক জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে।