This browser does not support the video element.
মৰিগাঁও: জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন অচিনাক্ত মটৰ চাইকেল আৰোহী
Marigaon, Morigaon | Sep 12, 2025
জাগীৰোডৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত এজন প্ৰায় ৩০ বছৰীয়া যুৱক। ঘটনাস্থলীত জাগীৰোড আৰক্ষী উপস্থিত হৈছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মৃত যুৱকজনৰ পৰিচয়। AS-01EZ-5567 নম্বৰৰ পাল্চাৰ বাইকেৰে গৈ থকা যুৱক জনক কোনো তীব্ৰবেগী বাহনে মহতিয়াই নিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে। জাগীৰোডৰ ইণ্ডাছ একাডেমিৰ সমীপত উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনা। বৰ্তমান যুৱক জনৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।