This browser does not support the video element.
গোলাঘাট: বহিঃৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই তিনি কিশোৰী সহ দুই যুৱকক ফৰকাটিঙত আটক আৰক্ষীৰ
Golaghat, Golaghat | Aug 26, 2025
বহিৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লওঁতেই তিনি কিশোৰী সহ দুই যুৱকক ফৰকাটিংত আটক আৰক্ষীৰ l মঙ্গলবাৰে পুৱতী নিশা প্ৰায় ৩ বজাত গোলাঘাটৰ ফৰকাটিং ৰেলৱে ষ্টেচনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তিনি গৰাকী কিশোৰীৰ সৈতে দুজন যুৱকক আটক কৰে আৰক্ষীয়ে। তিনি গৰাকী কিশোৰীক কৌশলৰে ট্ৰেইন যোগে বৰ্হি ৰাজ্যলৈ লৈ যোৱাৰ পৰিকল্পনা আছিল দুই যুৱকৰ।ঝাৰখন্ডৰ আচিফ আনচাৰী আৰু গোলাঘাটৰ উদয় নগৰৰ অভিজিৎ নামৰ দুজন যুৱকে চলাহী কথাৰে তিনি গৰাকী কিশোৰীক ঝাৰখন্ডলৈ সৰবৰাহৰ চেষ্টা চলাওতে আৰক্ষীয়ে কৰায়ত্ব কৰে।