নৰ্থ বঙাইগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত কিছু সময় পূৰ্বে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বিদ্যালয়খনৰ ৰান্ধনী ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে ভস্মিভূত হয় ৰান্ধনী ঘৰ। কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাই যদিও অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।