ৰাষ্ট্ৰীয় শিক্ষক দিৱস উদযাপন সমিতিৰ উদ্যোগত এ অ' ডি জনকল্যাণ কেন্দ্ৰত শুকুৰবাৰে অনুষ্ঠিত কেন্দ্ৰীয় শিক্ষক দিৱসত মুঠ ১২ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰে। সভাপতি পল্লৱ শৰ্মাৰ সভাপতিত্ব বিয়লি প্রায় ৩ বজালৈকে অনুষ্ঠিত শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন,বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ শইকীয়া,বিশিষ্ট সমাজকৰ্মী আবু হুছেইন, প্ৰাক্তন শ্ৰমিক নেতা তৰুণ হাজৰিকা উপস্থিত থাকে ।